চাৰাংকাত / Charangkat
খুলচিঙৰ গৰ্ভ কঁপাই চৰাই এজাক উৰি গ’ল
ছ্যামাদিত দৰক লাগিলহি ভীমৰাজৰ মাত
অৰণ্য ভেদি বাজি থাকিল তাইৰ শৰীৰৰ চাৰাংকাত
ৰাতি প্ৰাচীন
ৰাতি পিচল
ৰাতি এটা বাট
ৰাতিৰ দুয়োকাষে সাধুৱেই সাধু
তাই চৰাই হয় গছবোৰে সিঁচা গুটি খাই
তাই চৰাই তাইৰ শৰীৰ চাৰাংকাত
ৰাতিৰ কোলাত কপাহগুটি হৈ সৰিছিল শব্দ
পাহাৰীয়া চৰাইৰ সাধু কাক শুনোৱা যায়?
অৰণ্য ভেদি বাজি থাকে তাইৰ শৰীৰৰ চাৰাংকাত।
Maitrayee Patar
Jarring the womb of Khulsing
A flock of birds flung by
As the quiescent noise of Bheemraj stumbled
At the threshold of Syamadi;
Her body pierced through the silence of the forest
Like a Charangkat.
The night is ancient
The night is uncertain
The night is a route
A boulevard stretched with stories
Feeding on the seeds sown by trees
She morphs into a bird
She, a bird
Her body, a Charangkat.
Like falling cotton seeds
Words dropped down on the lap of the night
And who stretches their ears
To the stories of birds from the hills?
Her body keeps playing through the silence of the forest
Like a Charangkat.
Translation: Maitrayee Patar
More poems
ৰজ:স্বলা /
Rajaswala
চেগুন ফুলৰ কবিতা /
Poems of Timber Blossom
আবেলি /
Afternoon