চেগুন ফুলৰ কবিতা / Poems of Timber Blossom
ধুমুহা ফালি গৈ থকা মানুহজনী
গৈ থাকিল
পদূলি শুঙা,
ঢৌটোকে ৰৌ কৰা
কানিদুৱৰী মুখবিলাক
বতাহত মেল খাই গ’ল
মই
মানুহজনীৰ মুখখন দেখা নাই
তেওঁৰ পিঠিত
দুটা ক’লা তৰা
পকি হালধীয়া হব ধৰা বতৰ এটাই
আবেলিটো চোবাই আছে
কাৰো মুখত নুফুটা গজল এটাৰ কথা
গছবোৰক তেওঁ কৈ গৈছে
তেওঁৰ ভৰিৰ পতাত
চেগুন ফুলৰ কবিতা কেইটামান।
Maitrayee Patar
The woman walking through the storm
Kept walking.
Puffed out by the wind, the muckraking faces
Sniffing through the doors
Found themselves off the latch
I
Can’t see her face
Only two black stars on her back
A season, ripening itself into yellow,
Is swallowing the afternoon.
Walking past the trees
She narrates to them a ghazal
That did not fit into any mouth
Dancing on her toes are a few poems
Of timber blossom.
Translation: Maitrayee Patar
More poems
ৰজ:স্বলা /
Rajaswala
চাৰাংকাত /
Charangkat
আবেলি /
Afternoon