আবেলি / Nachmittag
(ভাস্বতী আৰু হীৰাঙ্কু, তোমালোকৰ হাতত)
চহৰত আবেলিৰ ছাঁ।
সুমথিৰা মুখবোৰত সুহুৰি।
গানৰ মাজে মাজে উভতনি বাট।
সৌ সিদিনালৈকে
আমাৰ এখন বাঁহৰ জপনা আছিল,
সন্ধ্যা যিখন খুলি সোমাওতে
পিতায়ে প্ৰায়েই সুহুৰিয়াইছিল।
উমানতে আমাৰ মুখবোৰ উজলিছিল।
তেনে কোনো সুহুৰিতে এদিন
খোল খাইছিল চাগৈ
আইৰ বুকুৰ ঘৰ, কাহানিও যাৰ কথা
পিতায়ে আমাক নকৈছিল।
কালি বন্ধুৱে সুহুৰিয়াই
বতাহজাক মাতি আনোতে
আমি আকৌ হৈছিলোঁ শিশু।
আমাৰ বিস্ময়াভিভূত চকুত
সেই একেই উভতনি বাট।
এনেকৈয়েই সুহুৰি হৈ চহৰলৈ
আবেলি আহে। সুহুৰিৰ লগত বতাহ।
যি সোমাই যায় এখনৰ পিচত
আনখন জপনা খুলি।
বুকুৰ ঘৰ কঁপে।
ঠেং মেলি আবুৰ কোলাত
নি:পালি দি থকা পোৱালি সাধুকেইটা
চটফটাই উঠি বহে।
সময়ৰ ঘৰ কঁপে।
সুহুৰি হৈ চহৰলৈ আবেলি আহে।
Maitrayee Patar
Für Bhaswati und Hiranku
Nachmittagslicht bringt die Stadt zum Leuchten
rötet Gesichter lässt Lippen die Töne
von früher spielen.
Noch bis vor Kurzem
hatten wir eine Bambuspforte.
Wenn Vater abends heimkam
öffnete er sie stets mit einem Pfeifen
das brachte unsere Gesichter zum Leuchten.
Kann sein, so ein Pfeifen hat einmal
auch das Tor zu Mutters Herzen aufgetan
obwohl Vater nie darüber sprach.
Gestern, als ein Freund
damit begann und Wind aufkam
wurden wir wieder Kinder
die staunend
der Spur nach Hause folgten.
Jedes Mal wenn so ein Nachmittag
kaum spürbar in die Stadt eindringt
bringt er die Töne zurück mitsamt dem Wind
und es öffnet sich Pforte um Pforte
bis das Zuhause in unseren Herzen zu zittern beginnt.
All die kleinen Gute-Nacht-Geschichten, die
in Großmutters Schoß geborgen schlummern
fangen an zu schwingen
so wie das erinnerte Heim.
Der Nachmittag liegt über der Stadt wie ein Pfeifen
Übersetzung: Kerstin Preiwuss
Weitere Gedichte
ৰজ:স্বলা /
Rajaswala
চেগুন ফুলৰ কবিতা /
Das Gedicht von der Teakholzblüte
চাৰাংকাত /
Charangkat